Tuesday, September 27, 2011

লাডাখৰ বন্যতাত সাত দিন

কিছুমান ভাল অনুভূতি হয়তু জীৱনত পলমকৈয়ে হয় ৷ ছল্লিশৰ দুৱাৰদলিত ভৰি দি জীৱনৰ প্ৰথমটো ট্ৰেকিং অভিজ্ঞতাই মোক বাৰুকৈয়ে চুই গল ৷

ট্ৰেকিং কৰি চাবলৈ মনত এটা খদুৱনি আছিল ৷ সেয়েহে ONGC হিমালয়ান সন্থাৰ চন ২০১১ ৰ বাৰ্ষিক ট্ৰেকিং অভিযানৰ বাবে মনোনিত হোৱাত মই উত্ফুল্লিত হৈছিলো ৷ কিন্তু বিস্তৃত ভ্ৰমণসূচী হাতত পৰাত পেটে পেটে অলপ ভয়ো খালো ৷ লাডাখৰ যন্সকাৰ অঞ্চলৰ মাজেৰে প্ৰায় ১০০ কিমিৰ বাটৰ ৮ দিনীয়া এটা বিশাল অভিযান ৷ ট্ৰেকটো হিমাচলৰ দাৰচা (লাহোল - স্পিটি)ৰ পৰা আৰম্ভ হৈ লাডাখৰ পাদুমত শেষ হব ৷ বাটত ১৬৭০০ ফুটত স্থিত ছিঙ্গোলা গিৰিপথ অতিক্ৰম কৰিব লাগিব ৷ আমাক জানিব দিয়া হল যে এইটো ONGCHA ৰ বুৰঞ্জীত কৰিব ওলোৱা সকলোতকৈ কঠিন অভিযান পাৰিমনে  - প্ৰশ্নটোয়ে মাজে মাজে মূৰ ডাঙি উঠিছিল ৷

বিগত দুবছৰত মই লাডাখ যাওঁবুলিও সময়ৰ অভাৱত যাব পৰা নাছিলো ৷ যঠেষ্ট চৰ্চিত মানালী - লেহ পথটো মোৰ গাড়ীৰে ভ্ৰমণ কৰিব বৰ মন আছিল ৷ এটিয়া মই সেই বাটৰ আধা খোজ কাঢ়ি যাবলৈ সুযোগ পাইছো ৷ সেয়েহে ভয়টোক পেটৰ ভিতৰতে থাকিব দি মই অনুশীলন আৰম্ভ কৰিলো ৷ দৈনিক প্ৰায় ৪০ - ৫০ মহলা খটখটীৰে বগাই নিজকে সাজু কৰিছিলো ৷ কিন্তু তথাপিও মাজে মাজে মনলৈ আহিছিল - পাৰিমনে ? মই আগতে দুবাৰ ১৪০০০ ফুট উচ্চতালৈ গৈছিলো ৷ কিন্তু প্ৰায় ১৭০০০ ফুট উচ্চতাত বায়ুমণ্ডলৰ তৰলতাৰ অনুভৱ মোৰ বাবে এটা নতুন অভিজ্ঞতা হব ৷

এক দীঘল আৱেগিক অপেক্ষাৰ মূৰত দিনতো আহিল ৷ মানালীৰ পৰা বেয়া বতৰ আৰু তাতোকৈয়ো বেয়া পথ অতিক্ৰম কৰি আমি দাৰচাত উপস্থিত হলো ৷ তাত আমাক কোৱা হল যে ট্ৰেকিং প্ৰায় ১৫ কিমি নিলগত পালামূৰ পৰাহে আৰম্ভ হয় ৷ আমাৰ লগত যাবলগীয়া মালবাহী ঘোৰাবোৰ পালামূতহে অপেক্ষা কৰি আছে ৷ দিনটোৰ অধিকতম সময় ভূস্খলনত আৱদ্ধ হৈ থকা বাবে পালামূ পাওঁতে ৰাতি হল ৷ ততাতৈয়াকৈ কেম্প পাতি নৈশ ভোজনৰ তৈয়াৰিত সকলো লাগি পৰিল ৷ ওচৰতে BRO ৰ বনুৱাৰ কেম্প কিছুমান আছিল ৷ নিশা বতাহত সিহঁতৰ সঙ্গীত ভাঁহী আহিল ৷ কিছুসময়ৰ পিছত সকলো শান্ত হৈ পৰিল ৷ এক কাঁহ পৰি জীণ যোৱা পৰিৱেশ ৷ এটা ক্লান্তকৰ দিনৰ অন্তত টোপনিৰ কোলাত নিজকে এৰি দিলো ৷

কেম্পৰ প্ৰথম নিশাৰ অভিজ্ঞতাৰ পৰা শিকিলো যে অধিক উচ্চতাত ভাল টোপনি কেৱল দুই-তিনি ঘণ্টাৰ বাবেহে আহে ৷ বাকি ৰাতি চিলমিল টোপনিতেই কাটি যায় ৷ পুৱা কেম্পৰ চাৰিওফালৰ নৈসৰ্গিক সৌন্দৰ্য্যই মন পুলকিত কৰি তুলিলে ৷ মনত এক নতুন শক্তিৰ সঞ্চাৰ হল ৷ দুদিনৰ অৱকাশৰ পিছত উজ্বল ৰদ চমকি আছিল ৷ এক নতুন উদ্যমৰে আমি সকলো যন্সকাৰ-চুমদু অভিমুখে ট্ৰেকিংত ওলাই পৰিলো ৷ জীৱনৰ এক অনবদ্য যাত্ৰাৰ এয়া আছিল আৰম্ভণি ৷

যন্সকাৰ-চুমদুলৈকে বাটছোৱা কঠিন নাছিল ৷ দ্বিতীয় নিশাৰ কেম্পটো যন্সকাৰ-চুমদুত মুকলি উপতক্যাত লাগিছিল ৷ তাত কিছু বিদেশী পৰ্য্যটকেও কেম্প লগাইছিল ৷ ঠাইখনৰ উচ্চতা প্ৰায় ১২৫০০ ফুট আছিল ৷ আমাৰ যাত্ৰাৰ প্ৰথম দুদিন নেৰানেপেৰা বৰষুণ দি আছিল যাৰ ফলত উপৰৰ ঠাইবোৰত হিমপাত হৈছিল ৷ স্থানীয় লোকসকলে আমাক ওপৰত অধিক তুষাৰ থকাৰ সম্ভাৱনীয়তাৰ বিষয়ে সকীয়াঁই দিছিল ৷ এইটো দলটোৰ বাবে এটা চিন্তাৰ বিষয় আছিল ৷ সেয়েহে আজিৰ দিনটোৰ ফৰকাল বতৰ আৰু উজ্বল ৰদে আমাক আশাবাদী কৰি তুলিছিলে ৷ আৰু এদিনৰ ৰদে যঠেষ্ট তুষাৰ গলাই আমাৰ বাবে পথটো সাধ্যকৰ কৰি তুলিব ৷

প্ৰকৃত ট্ৰেকিং যন্সকাৰ-চুমদুৰ পৰাহে আৰম্ভ হল ৷ উপতক্যা এৰি আমি যন্সকাৰ নদী পাৰ কৰিলো ৷ ইয়াৰ পাৰ প্ৰায় ঠিয় পাহাৰ বগোৱা আৰম্ভ হল ৷ সোনকালেই আমি ১৩০০০ ফুটতকৈ অধিক উচ্চতা পাৰ কৰিলো ৷ তৰল বায়ুৰ অক্সিজেনহীনতাৰ অনুভৱ ভালকৈয়ে কৰিলো ৷ প্ৰতিটো খোজেতে  প্ৰয়াসৰ প্ৰয়োজন হল ৷  মাজে মাজে মূৰটো ঘূৰোৱা যেনো লাগিল ৷ সঘনাই বিৰতিৰ প্ৰয়োজন হল ৷ দীঘল দীঘল উশাহ টানি অক্সিজেনৰ প্ৰয়োজনীতা পূৰা কৰিছিলো ৷ লাহে লাহে শৰীৰৰ পাৰিস্থিতিক অনুকূলনে যাত্ৰা কিছু সহজ কৰি পেলালে ৷

বিশাল পাহাৰৰ নিৰৱতাৰ মাজেৰে অকলে খোজ কঢ়াৰ অনুভূতি এক পাহৰিব নোৱাৰা অভিজ্ঞতা ৷ মই নিজকে এক অনন্য বন্যতাৰ মাজত পাই মোহিত হৈ গৈছিলো ৷ জনবসতিৰ পৰা আমি কমেও দুই-তিনিদিনৰ দূৰত ৷ দূৰ-দূৰলৈ কেৱল পাহাৰ আৰু পাহাৰ ৷ নিশব্দতাৰে থিয় হৈ থকা পাহাৰবোৰে যেন আমাক দেখিও নগণ্য কৰিছিল ৷ ৷ পাহাৰৰ দাঁতিয়েদি লুংলুঙিয়া পথেৰে আমি যেন মূখ খুলি থকা পাহাৰবোৰৰ পেটলৈ সোমাই গৈ আছিলো ৷ কিমান যে পাহাৰ পাৰ কৰিলো তাৰ হিছাৱ নাই ৷ বৰষুণৰ বাবে ঠায়ে ঠায়ে পথটো ভাঙি গৈছিলে ৷ কিছুমান ঠাইত পথৰ অৱস্থা দেখি বুকুখন চিৰিং কৰি মাৰিছিলে ৷ পিছলিলে চিধাই তলত ৷ মনতে ভাৱিছিলো যে কি কছু উঠিছিলে পাহাৰত আহি এনেদৰে মৰিবলৈ ৷ ঘৰত এৰি থৈ অহা পত্নী আৰু জীয়ৰীৰ মূখ কেইখন ভাঁহি উঠিছিল ৷ বাট এটাই আছিল ৷ ঘূৰি যোৱাৰ প্ৰশ্নয়েই নাছিল ৷ ভগৱানক স্মৰণ কৰি ভৰি আগ বঢ়াইছিলো ৷

তৃতীয় দিনাৰ কেম্পটো আমাৰ বেছ কেম্প আছিল ৷ ইয়াৰ পৰা আমি ছিঙ্গোলা গিৰিপথটো পাৰ কৰাৰ প্ৰচেষ্টা কৰিম ৷ প্ৰায় ১৪৫০০ ফুট উচ্চতাত এক তুষাৰাবৃত ঠাইত কেম্পটো লাগিছিল ৷ ঠাইখনৰ নাম আছিল চুমিক-নাকপো ৷ সেইদিনা আমি প্ৰায় ৮ ঘণ্টা ট্ৰেকিং কৰিলো ৷ পিছবেলা হঠাতে বতৰ বেয়া হল আৰু হাড় কপোৱা ঠাণ্ডা বতাহ ববলৈ ধৰিলে ৷ তাপমান শূন্যৰ তলতেই আছিল ৷ চাৰিওফালে কেৱল বৰফ ৷ কিছুদূৰত এখন হীমশীতল নদী বৈ আছিল ৷ ঠাণ্ডাৰ বাবে ভোক নাইকিয়া হৈ গৈছিলে ৷ মই নিশাৰ সাজ খাবলৈ এক বৃথা চেষ্টা কৰিলো ৷ দলৰ প্ৰায়বোৰৰেই সেই অৱস্থা আছিল ৷ কেইজনমান সদস্যৰ উচ্চতাজনিত ৰোগৰ (HAS – High Altitude Sickness) লক্ষণ পৰিলক্ষিত হল ৷ সেইদিনাৰ অভিজ্ঞতাৰ বিষয়ে ভাবিলে এতিয়াও কপনি আহে ৷ পানী ছুলে হাতখন চিঙিযাবযেন লাগিছিল ৷ পুৱা শৌচ কৰাতো আন এটা ভয়ানক অভিজ্ঞতা আছিল ৷

চতুৰ্থ দিনটো অভিযানটোৰ সফলতাৰ বাবে মহত্বপূৰ্ণ দিন আছিল ৷ যদি গিৰিপথটোত অধিক মাত্ৰাত বৰফ থাকে তেনেহলে পাৰ কৰাটো সম্ভৱ নহব ৷ আগদিনা আমি বিপৰীত ফালৰ পৰা অহা এটাও দল পোৱা নাছিলো ৷ ই চিন্তাকৰ আছিল ৷ ৰাতিপুৱাৰ বতৰটোও নিৰাশাজনকেই আছিল ৷ কিন্তু ডাৱৰীয়া যদিও বৰষুণ দিয়া নাছিল ৷ আগলৈ যোৱাৰ বাহিৰে আন কোনো গত্যন্তৰ নাছিল ৷ হৰিৰ নামলৈ সকলো আগবাঢ়িলো ৷ প্ৰায় দুঘণ্টামানৰ পিছত প্ৰথমটো ভাল খবৰ পালো ৷ বিপৰীত দিশৰ পৰা অহা স্থানীয় লোকৰ দল এটাই খবৰ দিলে যে ওপৰত কেৱল এক দেৰফুট মানহে বৰফ আছে আৰু আমি গিৰিপথটো পাৰ কৰা কঠিন নহব ৷ বাটত আমি আৰু দুটা দল লগ পালো ৷ এতিয়া আমি আশ্বাসিত হলো যে আমাৰ অভিযানটো সফল হৱ ৷

এদুপি দুদুপিকৈ আমি আগবাঢ়িছিলো ৷ পঠছোৱা যঠেষ্ট ঠিয় আছিল ৷ উচ্চতা বঢ়াৰ লগতে বায়ুমণ্ডলৰ তৰলতাও বাঢ়িছিল ৷ প্ৰতিটো খোজেৰ বাবে যেন অতিৰিক্ত প্ৰয়াসৰ প্ৰয়োজন হৈছিল ৷ কিন্তু আমি উৎসাহ হেৰুৱা নাছিলো ৷ এয়া আছিল আমাৰ শাৰীৰিক সামৰ্থ্যৰ কঠিন পৰীক্ষা ৷ ওপৰ পাঁও পাঁও হওতে বতৰতোও সলনি হল ৷ প্ৰখৰ ৰদে আমাক স্বাগতম জনালে ৷ বৰফৰ মাজদি ঘোৰাৰ পথচিহ্নৰ ট্ৰেক পৰিদৃষ্ট হৈ আছিল ৷ প্ৰায় ১ কিমি বাট বৰফৰ মাজেৰে খোজ কাঢ়ি আমি চিহ্নিত শীৰ্ষস্থানত উপস্থিত হলো ৷ অৱশেষত শাৰীৰিক সহিষ্ণুতাৰ পৰিধি লম্ভি আমি সফল হলো ৷ ছিঙ্গোলাৰ শিখৰত ওপস্থিত হৈ আমি পৰস্পৰক অভিনন্দন জনালো ৷ অভিজ্ঞ সকলে জনালে যে ১৬৭০০ ফুটৰ উচ্চতা দলৰ নতুন সদস্যসকলৰ বাবে এক অন্যতম সফলতা ৷ ই মোৰ জীৱনৰ এটা পাহৰিৱ নোৱাৰা ক্ষণ ৷ সাফল্যতাৰ অনুভূতিত মই আৱেগিত হৈ পৰিলো ৷ পৰিয়ালক আৰু ভগৱানক ধন্যবাদ জনালো ৷ ফটফটীয়া নীলা আকাশৰ তলত যেন এখন বিশাল বৰফৰ চাদৰে পাহাৰবোৰক ঢাকি থৈছিল ৷ বৰফত প্ৰতিফলিত হোৱা বাবে ৰদৰ প্ৰখৰতাই যেন হাত আৰু মুখবোৰ পুৰি গৈছিল ৷ কিছু তলতে এটা হিমবাহৰ পৰা সোঁৱে-বাঁৱে দুখনকৈ নদীৰ উৎপত্তি হৈছে ৷ মোৰ মানসপটত সেই ক্ষণকেইটা চিৰদিনৰ বাবে আৱদ্ধ হৈ গল ৷

লাহে লাহে আমি তললৈ নামিলো ৷ বৰফত বাৰে বাৰে পিছল খোৱাৰ বাবে গতি মন্থৰ আছিল ৷ সেইদিনা আমি প্ৰায় ১১ ঘণ্টা ট্ৰেকিং কৰিব লগা হল ৷ নিশাৰ কেম্পটো লখাঙ্গত (১৪০০০ ফুট) লাগিছিল ৷ ভাগৰত আমি প্ৰায় সকলো জুৰুলা হৈছিলো ৷ দিনটোৰ সফলতাৰ আনন্দই হয়তো মনত ভাগৰৰ ভাৱটোক দমাই ৰাখিছিল, কিন্তু শৰীৰটো বিশ্ৰামৰ বাবে হাহকাৰ কৰি উঠিছিল ৷ আৰু এটা নিশা মই নোখোৱাকৈয়ে শুই গলো ৷

পঞ্চম দিনাৰ ট্ৰেকিং আনন্দকৰ আছিল ৷ সেইদিনা আমি প্ৰায় ২০ কিমি পথ খোজ কাঢ়িছিলো যদিও পথটোৰ বেছিভাগ সমভূমিত আছিল ৷ পথটোৰ নৈসৰ্গিক সৌন্দৰ্য্যই আমাক আভিভূত কৰিছিল ৷ লাডাখৰ এই দৃশ্য খুব কম পৰ্য্যটকেহে দেখাৰ সুযোগ পায় ৷ ভাৰতীয় পৰ্য্যটক আমি এজনো লগ নাপালো ৷ কিন্ত ইউৰোপীয় পৰ্য্যটকৰ ভালেকেইটা দল আমি লগ পাইছিলো ৷ ৮-১০ দিনীয়া ট্ৰেকিং কৰা মানুহ ভাৰতত কম ৷ দিনটোৰ অন্তত আমি কাৰ্গিয়াক গাঁওত উপস্থিত হলো ৷ ৫ দিন ট্ৰেকিংৰ পিছত এইটো প্ৰথম জনবসতি পালো ৷ ইমান দূৰ্গম ঠাইত কেনেদৰে মানুহ থাকে ভাৱি আচৰিত লাগিল ৷ ই এখন বেলেগ পৃথিৱী যত আজিও আধুনিকতাৰ প্ৰভাৱ পৰা নাই ৷ গাঁৱত প্ৰশাসনৰ দ্বাৰা এটা ছেটেলাইত ফোন দিয়া হৈছে ৷ কিছু সহযোগীয়ে ফোনৰ জৰিয়তে ঘৰৰ খবৰ-খাতি ললে ৷ নিশাৰ কেম্পটো গাঁৱৰ বাহিৰত লাগিল ৷ মুকলি ঠাই হোৱা বাবে কোবাল বতাহে আমাৰ কেম্পবোৰ কপাঁই থাকিল ৷ মাজে মাজে এনে লাগিছিল যে উৰুৱাই লে যাব ৷

পৰৰ্ৱত্তী দুদিনৰ যাত্ৰাত আমি কাৰ্গিয়াকৰ পৰা ইচাৰলৈকে আন কেইখনমান গাঁও পাইছিলো ৷ ইয়াৰ ভিতৰত তিস্তা আৰু পূৰ্ণে মূখ্য গাঁৱ আছিল ৷ প্ৰতিখন গাঁৱৰ পদুলিত বৌদ্ধ ধৰ্মীয় স্তুপ আৰু মণ্ডপ শাৰী শাৰীকৈ সজোৱা আছিল ৷ এইবোৰৰ আকাৰ,আৰ্হি আৰু ৰুপাংকন গাঁৱবোৰৰ সম্বৃধিৰ প্ৰতীক ৷ লোকসকলে আলু,মটৰ আৰু জৱৰ খেতি কৰে ৷ একেবাৰে গছ-গছনি নথকাৰ বাবে জলাবলৈ কেৱল গোৱৰৰ পিঠাহে ব্যৱহাৰ কৰে ৷ য়াক,খচ্ছৰ আৰু এবিধ সৰু ভেড়া তেওঁলোকৰ মূখ্য পশু ৷ আমি স্থানীয় লোকসকলৰ লগত কথা পাতি গম পালো যে কঠিন পৰিস্থিতৰ সত্বেও বছৰতো খাবৰ বাবে যঠেষ্ট খেতিৰ উৎপাদন কৰে ৷ বছৰৰ ৬-৮ মাহ এই গাঁওবোৰ বাকী পৃথিৱীৰ পৰা বিচ্ছেদিত হৈ থাকে ৷

ষষ্ঠ দিনাৰ ট্ৰেকত আমি বাৰে বাৰে পাহাৰ বগাব আৰু নামিব লগে হৈছিল ৷ এনে লাগিছিল যে আমি তললৈ যোৱাৰ পৰিৱৰ্তে ওপৰলৈহে গৈ আছো ৷ গছ-গছনি নথকা পাহাৰবোৰৰ দৃশ্যপট লাহে লাহে একঘেয় যেন লগা হল ৷ তুষাৰাবৃত পাহাৰবোৰ যেন কৰবাত হেৰাই গল ৷ নিৰস দৃশ্যপটৰ বাবে প্ৰায় ১৬ কিমি দৈৰ্ঘ্যৰ পথটো বৰ দীঘল যেন অনুভৱ হল ৷ এটা ক্লান্তিকৰ যাত্ৰাৰ মূৰত আমি পূৰ্ণেত উপস্থিত হলো ৷ পূৰ্ণেৰ কেম্পিং স্থলখন বৰ ভাল লাগিল ৷ ইয়াক সযত্নে সুন্দৰ কৰি ৰাখিছে ৷ দুখনমান সৰু হোটেলো আছে ৷ তাৰে এখনত নিশা অগণন তৰাৰে ভৰা এখন মুকলি আকাশৰ তলত বহি একাপ চাহ খাই মই যেন আনএখন পৃথীৱীলৈ স্থানান্তৰিত হলো ৷ দিল্লীত থাকি এনে তৰাৰে ভৰা মুকলি আকাশৰ কথা পাহৰিয়েই গৈছো ৷ শৈশৱৰ সেই বিজুলীচাকি নথকা দিনবোৰলৈ মনত পৰিল যেতিয়া আমি ৰাতি এনে মুকলি আকাশৰ আনন্দ লৈছিলো ৷ বেছিসকল বিদেশী পৰ্য্যটকে পূৰ্ণেত দুনিশা থাকে ৷ ইয়াৰ পৰা ফূকটল বৌদ্ধ বিহাৰলৈ এটা কাষৰীয়া ট্ৰেক আছে ৷ পাহাৰৰ গাত কাটি উলিওৱা বৌদ্ধ বিহাৰতো বৰ সুন্দৰ ৷ তালৈ গলে এদিন লাগে ৷ সময়ৰ অভাৱত আমি যাৱ নোৱাৰিলো ৷

আমাৰ অন্তিম কেম্পটো পিপূলাত লাগিছিল, ছাৰাপ নদীৰ পাৰত ৷ তীব্ৰ বেগী ছাৰাপ নদী বৈ গৈ সিন্ধু নদীত মিলে ৷ সেইদিনা আমি কেম্পফায়াৰ কৰি ফুৰ্তি কৰিলো ৷ নদীৰ সিপাৰে পাহাৰৰ ওপৰত পথ নিৰ্মাণৰ কাম চলি আছে ৷ গধূলি ওপৰত এখন BRO গাড়ী দেখি আমি আনন্দিত হলো ৷ পিছদিনা পুৱাতে ওলাই আমি প্ৰায় তিনি ঘণ্টাৰ মূৰত ছাৰাপ নদী পাৰ কৰি আমি BRO য়ে বনাই  থকা বাটত উঠিলো ৷ ঠাইখনৰ নাম ইচাৰ ৷ কিছুদেৰি অপেক্ষাৰ পাছত BRO ৰ সৰু লৰী এখন আহিল ৷ তাতে উঠি ধেকেচনি খায় প্ৰায় দুঘণ্টাৰ মূৰত আমি পাদুম পালোহি ৷ ট্ৰেকিংৰ আনুস্থানিক অন্ত পৰিল ৷

পাদুম যন্সকাৰৰ প্ৰাচীন ৰাজধানী ৷ ইয়াৰ পৰা এদিনৰ পথ ভ্ৰমণ কৰি আমি কাৰগিল পালো ৷ বাটত ১৪০০০ ফুট উচ্চতাৰ পেনজিলা গিৰিপথ পোৱা যায় ৷ ইয়াৰ পৰা দাৰুং-দুৰং হিমবাহৰ সুন্দৰ দৃশ্য পৰিলক্ষিত হয় ৷ কাৰগিলৰ পৰা লেহলৈ আন এদিনৰ বাট ৷ বাটত সিন্ধু নদী দেখিলো ৷ মোৰ দৰ্শন সূচীত থকা ব্ৰহ্মপূত্ৰ,গংগা, আৰু নীল নদীৰ লগত এতিয়া সিন্ধুও সংযোজিত হল ৷ লেহৰ পৰা বিমানেৰে ঘূৰি আহোতে পাহাৰবোৰৰ কথা ভাৱি ভাৱিয়েই টোপনি গলো ৷ ঘৰলৈ ঘূৰি আহি বহুদিনলৈ সপোনত মই সেই পাহাৰবোৰকেই দেখা পাইছিলো - যেন মোক আকৌ মাতিছে ৷ ট্ৰেকিংৰ দ্বিতীয় দিনা ভাৱিছিলো যে কি কছু উঠিছিলে পাহাৰত আহি এনেদৰে মৰিবলৈ ৷ এতিয়া ভাৱো যে কিয় এই অনুভূতিৰ বাবে ৪০ বছৰ অপেক্ষা কৰিছিলো ৷ পাহাৰত গৈ নিজৰ এটা নতুন স্বৰুপ উপলদ্ধি কৰিলো ৷ মন কৰিলেই ছন হয় ৷ পাৰিমনে প্ৰশ্নটো মোৰ শব্দকোষৰ পৰা ডিলিত কৰি দিলো ৷ এতিয়া ট্ৰেকিংৰ পৰৱৰ্তী সুযোগৰ অপেক্ষাত ৷

(এইটো মোৰ ব্লগ India Travel Diary ত প্ৰকাশিত মূল লিখনি Walking in thin air ৰ সংক্ষিপ্ত অনুবাদ)