Monday, February 07, 2011

খাৰতৌম : নীলনদীৰ জন্মস্থানলৈ মোৰ প্ৰথম বিদেশ ভ্ৰমণ

দিল্লীত তেতিয়া ধাৰাষাৰে বৰষুণ দি আছিল কাঁহিলী পুৱাতে মই আফ্ৰিকীয় দেশ ছুদানৰ ৰাজধানী খাৰতৌম অভিমূখে ওলালো ৷ গৃহযুদ্ধৰে জৰ্জৰিত দেশ ছুদানৰ নাম শুনিলেই বহুতে ভয় খায় ৷ ছুদান এখন সামৰিক শাসনত থকা দেশ ৷ কিন্তু মোৰ প্ৰথম বিদেশ ভ্ৰমণ হোৱাৰ বাবে মই ভয়ৰ পৰিৱৰ্তে আলোড়িতহে হৈছিলো ৷

ভ্ৰমণ কৰি মই ভাল পাঁও ৷ কেতিয়াবা কৰ্মসূত্ৰে আৰু কেতিয়াবা নিজৰ চখত, ভাৰতবৰ্ষখন মই প্ৰায় ওধৰ পৰা মূধলৈকে দেখিছো ৷ কাশ্মীৰৰ পৰা লাক্ষাদ্বীপলৈকে আৰু থৰ মৰুভূমিৰ পৰা তাৱাংগলৈকে মই ভাৰতত ফুৰিছো ৷ মই বিশ্বাস কৰো যে প্ৰতিখন দেশ বা ঠাইৰ একোটা নিজা বৈশিষ্ট আছে ৷ ভ্ৰমণৰ জৰিয়তে আমি নতুন নতুন অভিজ্ঞতা আহৰণ কৰো ৷ সেয়েহে সাধাৰণতে মানুহে ভ্ৰমণ নকৰা দেশ ছুদানতো মই কিছু নতুন উপলব্ধিৰ আশাবাদী আচিলো ৷

খাৰতৌমৰ বাবে দুবাইত বিমান সলনি কৰিব লাগে ৷ দিল্লীৰ পৰা এমিৰেটজ এয়াৰৱেইজৰ বিমানখন অলপ পলমকৈ দুবাইত অৱতৰণ কৰিলে ৷ ততাতৈয়াকে আমি খাৰতৌম অভিমুখী বিমানখনৰ নিৰ্ধাৰিত টাৰ্মিনেললৈ আগবাঢ়িলো ৷ দুবাইৰ নাম থকা বিমান বন্দৰটো যঠেষ্ট ডাঙৰ ৷ অৱশ্যে দিল্লীৰ নতুন টি-৩ টাৰ্মিনেলটোও কোনোপধ্যে ইয়াতকৈ কম নহয় ৷ বিদেশী বিমান বন্দৰবোৰত আমাৰ দেশীয়বোৰৰ দৰে হাতত নিয়া টোপোলাত টেগ লগোৱাৰ নিয়ম নাই ৷ সুৰক্ষা পৰীক্ষাৰ পিছত আমি বেছি দেৰি অপেক্ষা কৰিব লগা নহল ৷ দুবাইৰ পৰা খাৰতৌমলৈ প্ৰায় ছঘণ্টাৰ যাত্ৰা ৷ কিন্তু ভাৰতীয় সময়ৰ লগত ৩ ১/২ ঘণ্টাৰ ব্যৱধানৰ বাবে আমি খাৰতৌম পাঁওতে আবেলিহে হৈছিল ৷ সাধাৰণ সুবিধাযুক্ত খাৰতৌম আন্তৰাষ্ট্ৰীয় বিমান বন্দৰটোত অভিবাসন প্ৰক্ৰিয়াত প্ৰায় এঘণ্টামানেই লাগিল ৷ বিমানখনত অহা সৰহসংখ্যক বিদেশীয়েই চীনা মূলৰ ৷ সকলো বিদেশীয়েই দেশখনত খাৰুৱা তেলৰ অন্বেষণৰ লগত জৰিত GNPOC (Greater Nile Petroleum Operating Company) নামৰ এটা সমূহৰ কৰ্মী ৷ এই সমূহটোৰ মূখ্য অংশীদাৰ Chinese National Petroleum Corporation (CNPC) ৷ মই কাম কৰা ভাৰতীয় কোম্পানী ONGC এই সমূহত ONGC Videsh (OVL) জৰিয়তে ২৫% অংশীদাৰ ৷ সমূহৰ আনদুটা অংশীদাৰ হল মালয়েছিয়াৰ  পেট্ৰনাছ আৰু ছুদানৰ ছুদাপেট ৷ সস্তীয়া খাৰুৱা তেলৰ মোহতেই এই দেশ কেইখনে ছুদানৰ দৰে বিপদসঙ্কুল পৰিস্থিতিত কাম কৰি আছে ৷ বিশেষকৈ আমেৰিকা আৰু ইয়াৰ সহযোগী দেশ সমূহে ছুদান ত্যাগ কৰাৰ পিছত এই দেশ কেইখনে ইয়াক সুযোগ হিচাৱে লৈছে ৷

আমাৰ বাবে অহা প্ৰতিনিধি খালিদে আমাক ৰৈ থকা গাড়ীলৈ লৈ গল ৷ তাত কোনো টেক্সীৰ কাউণ্টাৰ নাছিল ৷ অসংগঠিত যেন লগা টেক্সী চালকবোৰে গ্ৰাহকৰ বাবে চিঞৰি থকা দেখিলো ৷ তেনেকুৱা এখন ঠাইতো কিন্তু প্ৰায়সংখ্যক টেক্সীয়েই টয়টা কৰলা বা উচ্চ শ্ৰেণীৰ গাড়ী দেখি কিছু আছম্বিত হলো ৷ ছুদানৰ মুদ্ৰা অস্থিৰ আৰু মুক্তভাৱে বিনিময় নহয় ৷ তথাপিও ১ ছুদানী পাউণ্ড ভাৰতীয় ১৯ টকাৰ সমতুল্য ৷ এয়াই কলা সোণ বা খাৰুৱা তেলৰ নিহিত ক্ষমতা ৷

ছুদানৰ জাতিগত সংৰ্ঘষ:
যঠেষ্ট তেলৰ ভাণ্ডাৰ থকা সত্বেও ছুদান এখন পিছপৰা দেশ ৷ ইয়াৰ মূখ্য কাৰণ হল বিগত কিছুবছৰৰ পৰা ছলি অহা জাতিগত সংঘাত ৷ এই সংঘাত খনিজ সম্পদত চহকী কিন্তু অবিকশিত দক্ষিণ ছুদানীয় জনগোষ্ঠী আৰু বিকশিত উত্তৰ ছুদানীয় জনগোষ্ঠীৰ মাজত ৷ দক্ষিণৰ কিছু অংশ বিদ্ৰোহীৰ কৱলত আছে ৷ উত্তৰ ছুদান সাধাৰণতে শান্তিপূৰ্বক ৷ দক্ষিণৰ লোকসকল উত্তৰৰ লোকতকৈ কৃষ্ণবৰ্ণীয় ৷ তেওঁলোক মূলতে খ্ৰীষ্টীয়ান ৷ উত্তৰবাসী মূলতে মুছলমান ধৰ্মী ৷ দেশখন বৰ্তমান ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত যুদ্ধবিৰতিৰ স্থিতিত আছে ৷ ২০১১ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত দেশখন বিভাজনৰ বিষয়ত জনভোট হব ৷ জনভোটৰ পাছত ভাৰতকে ধৰি দেশবোৰৰ পুঁজিনিৱেশৰ ভৱিষ্যতকলৈ চৰকাৰ উদ্বিগ্ন ৷

খাৰতৌম চহৰখন :
চহৰৰ মাজেৰে বৈ যোৱা নীল নদীয়ে চহৰখনক তিনিটা অংশত বিভক্ত কৰিছে - খাৰতৌম, উত্তৰ খাৰতৌম আৰু অমডুৰমান ৷ আমি খাৰতৌম আৰু অমডুৰমানতে কিছু ফুৰাৰ সুযোগ পাইছিলো ৷ ভাৰতীয় বাজাজ অটৰিক্সাবোৰ চহৰখনত পিনপিনাই ফুৰা দেখি ভাল লাগিল ৷ বাট-পথবোৰ যঠেষ্ট বহলেই দেখিলো ৷ গাড়ী চালকবোৰে ট্ৰেফিক নিয়মবোৰ পালন কৰা দেখি ভাল পালো ৷ কেৱল ভাৰতীয়লোকেই ট্ৰেফিক নিয়মবোৰ পালন নকৰি ভাল পায়যেন বোধ হল ৷

খাৰতৌমত আফ্ৰিকাৰ মহান জলস্ৰোত নীল নদীৰ জন্ম হয় ৷ চহৰৰ মাজতেই ৰোৱাণ্ডাৰ পৰা বৈ অহা বগা নীল (White Nile) আৰু ইথিওপিয়াৰ পৰা বৈ অহা নীলা নীল  (Blue Nile) লগ লাগে ৷ ইয়াৰ পৰাই নদীখন নীল নদীৰ নামেৰে ইজিপ্তলৈ বৈ যায় ৷ মহান মিছৰীয় সভ্যতাৰ বিকাশ নীল নদীৰ সাৰুৱা উপত্যকাতেই হৈছিল ৷ নীল নদীৰ সংগম দেখাতো মোৰ জীৱনৰ এটা পাহৰিব নোৱাৰা অভিজ্ঞতা হৈ ৰব ৷ মই উত্তৰাখণ্ডৰ দেৱপ্ৰয়াগত অলকনন্দা আৰু ভাগীৰথী নদীৰ সংগমত গংগাৰো উত্পত্তি দেখিছো ৷
নীল নদীৰ পাৰৰ অঞ্ছলত গছ-গছনি থাকিলেও চহৰখন প্ৰায়েই শুকান ৷ এদিন আমি অমডুৰমানৰ বাহিৰত থকা মৰুভূমি চাবলৈ গলো ৷ পকী ৰাস্তা এৰাৰ পিছত এটা জনসূন্য পথহীন এলেকাৰ মাজেৰে কিছুদূৰ যোৱাৰ পিছত আমি এখন ডাঙৰ গাঁৱত উপস্থিত হলো ৷ গাওঁখনৰ নাম নিফাছা ৷ এদালো গছ নথকা গাঁওখনত যঠেষ্ট সংখ্যক ঘৰ আছিল ৷ গাঁওখনৰ মাটিবোৰ একাপ্ৰকাৰ মুগা - ৰঙা বৰণৰ মিশ্ৰণ সদৃশ ৷ গাধৰে চলোৱা গাড়ীবোৰেৰে মানুহবোৰে পানী কঢ়িয়াই ফুৰিছিল ৷ আমাৰ গাড়ীখন দেখি কিছু স্থানীয় লোক ওচৰ চাপি আহিল ৷ আমাৰ ড্ৰাইভাৰে সিহঁতক আমি যে ভাৰতীয় বুজাই দিলে ৷ ভাৰতীয় মানুহক তেওঁলোকে হিন্দী বুলি কয় ৷ দুই-এটাই ভঙা-ভঙা ঈংগ্ৰাজীৰে আমাৰ লগত কথাও পাতিলে ৷ আমিও সেই স্থানীয় লোকসকলৰ লগত ফটো ওঠাই ক্ষণটো চিৰদিনৰ বাবে কেমেৰাত আৱদ্ধ কৰিলো ৷

খাৰতৌমৰ ওচৰে পাজৰে :
ছুদান আৰু ইজিপ্ত চুবুৰীয়া দেশ ৷ মিচৰীয় সংস্কৃতিৰ প্ৰভাৱ উত্তৰ চুদানৰ সীমাৱৰ্তী অঞ্ছলত যঠেষ্ট আছিল ৷ খাৰতৌমৰ পৰা ১৮০ কি মি নিলগত মেৰাও নামৰ ঠাইখনত বহুত পিৰামিড আছে ৷ এই পিৰামিডবোৰৰ গঠনৰ আৰ্হি মিছৰৰ পিৰামিডতকৈ অলপ বেলেগ ৷ সাধাৰণ পৰ্য্যটকৰ পৰা দূৰত থকা এই পিৰামিডবোৰ চাবলৈ বিশেষ অনুমতিৰ প্ৰয়োজন ৷ অনুমতি পত্ৰ পোৱাৰ পিছতো আমি সময়ৰ অভাৱত মেৰাও যাব নোৱাৰিলো ৷ ইয়াৰ খেদ ঠাকি যাব ৷

আন এদিন আমি চহৰৰ পাৰ প্ৰায় ৮০ কি মি নিলগত অৱস্থিত বগা নীলৰ ওপৰত বনোৱা জেবেল অৱলীয়া বান্ধ চাব গৈছিলো ৷ নদীৰ উত্তাল জলধাৰাক বান্ধি ৰখা জলাশয়টো একপ্ৰকাৰ সাগৰ সদৃশ লাগিছিল ৷ জলাশয়তোত যঠেষ্ট মাছ আছিল ৷ আমি কিছু সময় স্থানীয় মাছমৰীয়াসকলে মাছ ধৰাতো উপভোগ কৰিলো ৷ ইয়াত ফটো ওঠোৱাতো নিষিদ্ধ বাবে মই নিৰাশ হলো ৷ ফটো তুলিবলৈ আমি সদায়েই সাৱধান আছিলো ৷ ছুদান এখন সামৰিক শাসনত থকা দেশ ৷ ফটো তুলাৰ অপৰাধতে তেনে এখন ঠাইত জেললৈ যোৱাতো ডাঙৰ কথা নহব কিজানি ৷ সেয়েহে আমি সুধিহে ফটো তুলিছিলো ৷

হালধীয়া জ্বৰৰ ভীতি :
ছুদান, ইজিপ্তকে আদি কৰি কিছু আফ্ৰিকীয় দেশলৈ গলে হালধীয়া জ্বৰৰ টিকাকৰণ জৰুৰী ৷ দিল্লীত দীঘলীয়া আৰু অসুবিধাজনক টিকাকৰণ প্ৰক্ৰিয়াৰ বাবে আমি টিকা নোলোৱাকৈয়ে গৈছিলো ৷ কিন্তু আমাক তাত জানালে যে হালধীয়া জ্বৰৰ টিকা প্ৰমাণ পত্ৰৰ অবিহনে বিমান বন্দৰত বৰ্ডিং কাৰ্ড নিদিব ৷ টিকা লোৱাৰ ৯ দিনৰ পৰাহে প্ৰমাণ পত্ৰ বৈধ হয় ৷ ইয়াক শুনি আমি পেটে পেটে ভয় খালো ৷ ততাতৈয়াকে স্থানীয় টিকাকৰণ কেন্দ্ৰলৈ গৈ আমি টিকা ললো ৷ অহাৰ সময়ত ৯ দিন নহলেও আমাৰ অসুবিধা নহল ৷ কোম্পানীৰ জনসংযোগ বিষয়া খালিদে সকলো মেনেজ কৰি দিলে ৷

আব্দুলক লগ পালো :
আব্দুলৰ আছল নাম আব্দেল ৰেহমান এল-ৰছিদ ৷ আব্দুল মোৰ ইন্জিনিয়াৰিং কলেজত সহপাঠী আছিল ৷ ছুদান যোৱাৰ কেইদিনমান আগত প্ৰায় ১৮ বছৰৰ মূৰত আব্দুলক ফেচবুকত লগ পালো ৷ আব্দুল বৰ্তমান ছুদান এয়াৰৱেইজত কৰ্মৰত ৷ আব্দুলৰ ঘৰ খাৰতৌমতে বুলি জানি ভাল লাগিল ৷ মই যোৱাৰ খবৰ আব্দুলক দিছিলো ৷ এদিন গধূলি আব্দুল মোক বিছাৰি আমাৰ অতিথিশালালৈ আহিল ৷ ১৮ বছৰৰ মূৰত আব্দুলক লগ পাই যঠেষ্ট ভাল লাগিল ৷ গধূলিটোৰ অধিক সময় স্মৃতি ৰোমন্থনতেই গল ৷ পূৰণা সহপাঠী সকলৰ বিষয়ে খবৰ বিনিময় কৰিলো ৷ মই ঘূৰি অহাৰ দিনাও আব্দুল মোক বিদায় জনাব আহিছিল ৷

ঘূৰণি যাত্ৰা :
মোৰ প্ৰায় ১০ দিনিয়া ভ্ৰমণটোৰ সামৰণি পৰিল দুবাইত এটা নিদ্ৰাহীন ৰজনীত ৷ গধূলি প্ৰায় ৮ বজাত আমি খাৰতৌমৰ পৰা প্ৰস্থান কৰিলো ৷ দুবাই আৰু খাৰতৌমৰ স্থানীয় সময়ৰ মাজত ১ ঘণ্টাৰ ব্যৱধান ৷ আমি নিশা ১২:৩০ ত দুবাইত অৱতৰণ কৰিলো ৷ দিল্লীমূখী বিমানৰ বাবে আমাৰ হাতত প্ৰায় ৩ ঘণ্টা আছিল ৷ গোটেই সময়খিনি আমি  টাৰ্মিনেল-৩ ত থকা কৰমুক্ত (দুবাই দ্যুটি ফ্ৰী) দোকানবোৰত বজাৰ কৰিয়েই কটালো ৷ ৰাতিপুৱা কেতিয়া হল গমেই নাপালো ৷ দিল্লীমূখী বিমানত বহাৰ লগে লগে মোক টোপনিয়ে হেছি ধৰিলে ৷ বিমানৰ মনোৰঞ্জন তন্ত্ৰত এখন হিন্দী বোলছবি লগাই ললো ৷ কেতিয়া টোপনি গলো গমেই নাপালো ৷ দিল্লী আহিহে সাৰ পালো ৷